
All Assam Federation of Veteran's Association
Working for the Welfare of Veterans, Ex-Servicemen, Army / Navy / Airforce, KSB, RSB, ZSB.
Resolution of All Assam Federation of Veteran’s Association
প্ৰস্তাৱ গ্ৰহণ
তেজপুৰ স্থিত শ্ৰী শ্ৰীশঙ্কৰ মন্দিৰ অনুষ্ঠানত আজি ইং ০৫ জুন ২০২৩ তাৰিখে অনুষ্ঠিত সদৌ অসম 'ফেডাৰেচন অব ভেটাৰানচ এচ'চিয়েচনচ' (ALL ASSAM FEDERATION OF VETERAN’S ASSOCIATIONS) ৰ ২২খন জিলাৰ ২১৯জন প্ৰতিনিধিৰ উপস্থিতিত আৰু বাকী ১৩খন জিলাৰ সন্মতিত অনুষ্ঠিত প্ৰতিনিধি সভাত সৰ্ব্বসন্মতিৰে কৰা প্ৰস্তাৱ সমূহ:-
Capt Lohit Ch Bhuyan দেৱৰ টেলিফোন যোগে অসমৰ ৩৫খন জিলাৰ Ex Servicemen Association ৰ উপদেষ্টা / সভাপতি/ সম্পাদক/ সদস্য সকলৰ লগত হোৱা কথা বতৰাৰে পোৱা সহমত আৰু ১০খন জিলাৰ ২০জন প্ৰতিনিধিকলৈ যোৱা ১৭/৫/২০২৩ তাৰিখে তেজপুৰস্থ এডুপুৰ ফাউণ্ডেচনৰ কাৰ্যালয়ত বহা সভাত কৰা আলোচনা মৰ্ম্মে অসমৰ মধ্যস্থান তেজপুৰত ৩৫ খন জিলাৰ প্ৰতিনিধি উপস্থিতিত আজি ০৫/০৬/২০২৩ তাৰিখে আয়োজন কৰা প্ৰথমখন সভাত ALL ASSAM FEDERATION OF VETERAN’S ASSOCIATIONS (সদৌ অসম 'ফেডাৰেচন অব ভেটাৰানচ এচ'চিয়েচনচ্) নামাকৰণেৰে JCOs & OR সকলৰ এখন নতুন মঞ্চ গঠন কৰা হয় ।
- অসম চৰকাৰৰ "REGISTRATION OF SOCIETIES ACT XXI OF 1860"ত পঞ্জিয়নৰ জটিলতালৈ লক্ষ্য ৰাখি, Edupur Foundation... ৰ অধীনত পঞ্জিয়ণ ভুক্ত তেজপুৰ স্থিত এডুপুৰ ফাউণ্ডেচনৰ পঞ্জিয়ন নম্বৰকে ব্যবহাৰ কৰি কামত আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
- ইতিমধ্যে সৰ্ব্বভাতীয় 100খন Ex-Servicemen Association লগ লাগি যোৱা ০৯/০৪/২০২৩ তাৰিখে Ex-Servicemen শব্দৰ ঠাইত Veterans আৰু Association শব্দৰ ঠাইত Federation শব্দ ব্যৱহাৰ কৰি FEDERATION OF VETERAN’S ASSOCIATIONS নামাকৰণেৰে...
- অসমৰ সমূহ জিলা/আঞ্চলিক Ex-Servicemen Association ৰ বেঙ্ক একাউণ্ট আৰু Rubber Stamp তো ওপৰত উল্লেখ কৰাৰ দৰে Federation শব্দ প্ৰয়োগ আৰু Ex-Servicemen ৰ ঠাইত Veterans শব্দ প্ৰয়োগেৰে নাম সলনি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
- ভূতপূৰ্ব্ব সৈনিক আৰু পৰিয়াল বৰ্গৰ(Army,Navy,Air Force) Digital data base তৈয়াৰ কৰাতো বৰ্ত্তমান যুগত অতি আৱশ্যক ও গুৰুত্বপূৰ্ণ কাৰ্য্য...
ভূমি ক্ৰয়/কাৰ্যালয় তথা সভা গৃহ নিৰ্মাণৰ ব্যৱস্থা:-
- ক) অপ্ৰিয় যদিও সত্য যে অসমত আজি পৰ্য্যন্ত ভেটাৰানচ ভৱন/ কাৰ্যালয় নিৰ্মাণ কৰা দূ্ৰৰ কথা, আজি পৰ্য্যন্ত কোনো সভাত এই বিষয়ে আলোচনা কৰা দেখা নগল ।
- খ) সদৌ অসম / সকলো জিলা আৰু আঞ্চলিক ভিত্তিত চৰকাৰী ভূমি আৱণ্টনৰ বাবে MP/MLA/District Administration ৰ লগত যোগাযোগ/ নিজৰ প্ৰচেষ্টাত ক্ৰয় কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
Standard Operating Procedure (SOP) :-
এটা অনুষ্ঠান সুচাৰূপে পৰিচালনা কৰিবৰ বাবে এখন নিৰ্দ্ধাৰিত পৰিচালনা নিয়মাৱলী (SOP) প্ৰয়োজন। সেয়েহে নৱগঠিত ALL ASSAM FEDERATION OF VETERAN’S ASSOCIATIONS (AAFVA) ৰ ক্ষেত্ৰত এখন খচৰা SOP সভাৰ অনুমোদনৰ বাবে উপস্থাপন কৰাত সভাই সৰ্ব্বসন্মতিৰে গ্ৰহণ কৰে।
পুঁজি সংগ্ৰহ / Opening of Bank Account:-
১৭/৫/২৩ তাৰিখৰ ১০খন জিলাৰ প্ৰতিনিধি সভাই আজিৰ (০৫/০৬/২০২৩) সভাখন সুচাৰূপে পৰিচালনাৰ বাবে প্ৰতি জিলাৰ পৰা ২০০০/-( দুই হাজাৰ টকা) বৰঙণি আৰু সভাখনৰ আহ্বায়ক/আদৰণী জিলা হিচাপে দ্বায়িত্ব দিয়াৰ বাবে বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ প্ৰতিখন আঞ্চলিকৰ পৰাও ২০০০/- টকা বৰঙণি আগবঢ়াবলৈ লোৱা প্ৰস্তাৱৰ অনুমোদন।
আজিৰ সভাই AAFVA S B Account টো তেজপুৰ মিচন চাৰিআলি স্থিত SBI ত খোলাৰ প্ৰস্তাৱ সৰ্ব্বসন্মতিৰে গ্ৰহণ কৰা হয়।
Sgt Dinesh Mahanta
Sub Maj Probul Kr Gogoi
General Secretary
Photo Gallery




